GK Question Answer Assamese Pt. 3 – অসমীয়াত

প্ৰশ্ন : হাদিৰা চকী ক’ত অৱস্থিত ?

উত্তৰ:- মানস আৰুব্ৰহ্মপুত্ৰৰ সংযােগস্থলত

প্ৰশ্ন : উত্তৰ গুৱাহাটীত থকা শিলা সাকো শিলৰ দলং কোনে নির্মাণ কৰাইছিল ?

উত্তৰ:- কামৰূপাই

প্ৰশ্ন : অসমৰ পঞ্চতীর্থ হিচাপে কোনখন চহৰক জনা যায় ?

উত্তৰ:- কামৰূপ

প্ৰশ্ন:- ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল ?

উত্তৰ:- ভীমৰাও আম্বেদকাৰ

প্ৰশ্ন:- লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰ:- মোৰ জীৱন সোঁৱৰণ

প্ৰশ্ন : গােঁহাই কমল আলি ক’ৰ পৰা কলৈ গৈছে ?

উত্তৰ:- কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ

প্ৰশ্ন : ডঃ ভূপেন হাজৰিকাক “সুধাকন্ঠ” উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন ?

উত্তৰ:- আনন্দ চন্দ্ৰ বৰুৱা

প্ৰশ্ন : অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি?

উত্তৰ:- কামৰূপ (মহানগৰ)

প্ৰশ্ন :- হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি ?

উত্তৰ:-  সিন্ধু নদী

প্ৰশ্ন : “হালধিয়া চৰায়ে বাউধান খাই” উপন্যাসখনৰ লেখক কোন?

উত্তৰ:- হোমেন বৰগোহাঞি

প্ৰশ্ন : কোন বছৰত, বংগ বিভাজন বাতিল কৰা হৈছিল?

উত্তৰ:- ১৯১১

প্ৰশ্ন :  অসমৰ বাহিৰে, ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোন খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়

উত্তৰ:- অৰুণাচল প্ৰদেশ

প্ৰশ্ন : লোকটক হ্ৰদ ক’ত আছে?

উত্তৰ:- মণিপুৰ

প্ৰশ্ন : অসমৰ পশ্চিমফালে থকা দেশখনৰ নাম কি?

উত্তৰ:- বাংলাদেশ

প্ৰশ্ন : মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল

উত্তৰ:- চন্দ্ৰগুপ্ত

প্ৰশ্ন : ব্লেইছ পাচকেল কিহৰ লগত জড়িত ?

উত্তৰ:- কেলকুলেটৰ মেচিন

প্ৰশ্ন : প্রথম অসমীয়া চলচ্চিত্র নির্মাতা কোন আছিল

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা

প্ৰশ্ন : সাধনী কাৰ ৰাণী আছিল?

উত্তৰ:- চুতীয়া বৰ্জাৰ

প্ৰশ্ন : স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল?

উত্তৰ:- লৰ্ড ডেলহাউচীয়ে।

প্ৰশ্ন : ভাৰতত ৰে’ল লাইন, টেলিগ্ৰাফ, ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল?

উত্তৰ:- লৰ্ড ডেলহাউচীয়ে।

প্ৰশ্ন : মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা হৈছিল?

উত্তৰ:- ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰত।

প্ৰশ্ন : পাণিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?*

উত্তৰ:- ১৫২৬ খ্ৰীষ্টাব্দত।

প্ৰশ্ন : হুমায়ুনৰ পিতৃ কোন?

উত্তৰ:– বাবৰ।

প্ৰশ্ন : পাণিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?*

উত্তৰ:- ১৫৫৬ খ্ৰীষ্টাব্দত।

প্ৰশ্ন : কাৰ দিনত ৰংঘৰ নিৰ্মাণ হৈছিল?*

উত্তৰ:– প্ৰমত্ত সিংহৰ।

প্ৰশ্ন : গৌতম বুদ্ধৰ ক’ত জন্ম হৈছিল?*

উত্তৰ:- লুম্বিনীত।

প্ৰশ্ন : উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?*

উত্তৰ:- গদাধৰ সিংহই।

প্ৰশ্ন : বংগ বিভাজন কোনে কৰিছিল?

উত্তৰ:- লৰ্ড কাৰ্জন।

প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল?

উত্তৰ:- মহম্মদ বিন বখতিয়াৰ।

প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল?*

উত্তৰ:- মহম্মদ বিন বখতিয়াৰ।

প্ৰশ্ন : মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- ১২০৬ খ্ৰীষ্টাব্দত।

প্ৰশ্ন : কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিল?

উত্তৰ:- সন্ধ্যা।

প্ৰশ্ন : নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰুদ্ৰসিংহই।

প্ৰশ্ন : গড়গাঁৱৰ কাৰেং ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- প্ৰমত্ত সিংহই।

প্ৰশ্ন : কাৰেং ঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰাজেশ্বৰ সিংহই।

প্ৰশ্ন : বৰ্তমানৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰাজেশ্বৰ সিংহই।

প্ৰশ্ন : বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ:- ভাস্কৰ বৰ্মন।

প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?*

উত্তৰ:- সমুদ্ৰ গুপ্তক।

প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল?*

উত্তৰ:- এনি বেছাণ্ট।

প্ৰশ্ন : পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?*

উত্তৰ:- ১৮৯৪ চনত।

প্ৰশ্ন : মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল?*

উত্তৰ:- ১৯২১ চনত।

প্ৰশ্ন : অৰ্থশাস্ত্ৰৰ লেখক কোন?*

উত্তৰ:– চাণক্য।

প্ৰশ্ন : কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল?*

উত্তৰ:– ভাস্কৰ বৰ্মাৰ দিনত।

প্ৰশ্ন : অসমত কিমান চনত ৰে’ল লাইন স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৮৮৫ চনত।

প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?

উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?

উত্তৰ:– ড° ভূপেন হাজৰিকাক।

প্ৰশ্ন : কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবিখনৰ পৰিচালক কোন?

উত্তৰ:- সাগৰলৈ বহু দূৰ। পৰিচালক জাহ্নু বৰুৱা।

প্ৰশ্ন : অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?

উত্তৰ:- ১৯৮২ চনৰ ১৯ নৱেম্বৰত।

প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

উত্তৰ:- নিপ বৰুৱাই।

প্ৰশ্ন : কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উত্তৰ:- চামেলি মেমচাব।

প্ৰশ্ন : ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ:– বিজয় চৌধুৰী।

প্ৰশ্ন : ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি?

উত্তৰ:- পিয়লি ফুকন।

প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?

উত্তৰ:- আইদেউ সন্দিকৈ।

প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন?

উত্তৰ:- ইটো সিটো বহুতো।

প্ৰশ্ন : গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ:- ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

প্ৰশ্ন : ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?

উত্তৰ:- জাভেদ জামান।

প্ৰশ্ন : ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপিত হয়?

উত্তৰ:- ১৭ অক্টোবৰত।

প্ৰশ্ন : কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯৮৩ চনত।

প্ৰশ্ন : সেনা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১৫ জানুৱাৰী তাৰিখে।

প্ৰশ্ন : শিল্পী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১৭ জানুৱাৰীত।

প্ৰশ্ন : ভাৰতৰ গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ২৬ জানুৱাৰীত।

প্ৰশ্ন : মেদাম-মে-ফি দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ৩১ জানুৱাৰীত।

প্ৰশ্ন : বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ৫ জুনত।

প্ৰশ্ন : বছৰৰ আটাইতকৈ দীঘল দিন কোনটো?*

উত্তৰ:- ২১ জুন।

প্ৰশ্ন : অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:– ১ অক্টোবৰত।

প্ৰশ্ন : অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১৭ অক্টোবৰত।

প্ৰশ্ন : বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১ ডিচেম্বৰত।

প্ৰশ্ন : চুকাফা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ২ ডিচেম্বৰত।

Leave a Comment