General knowlegde Quiz Assam – 5 May

1. অসমৰ প্রথম আকাশীযান চালক কোন আছিল ?

উত্তৰঃ মহানন্দ দাস।

2. অসমত নৌ-সেৱা কেতিয়া আৰম্ভ হয় ?

উত্তৰঃ ১৮৪৭ চনত।

3. ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কোনটো ?

উত্তৰঃ কলিয়া ভোমোৰা দলং।

4. উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় কত ?

উত্তৰঃ গুৱাহাটীৰ মালিগাওঁত।

5. অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয়  পথ) স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

6. অসমত কিমান চনত ৰেললাইন স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৮১ চনত

7. অসমৰ ক’ত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ?

উত্তৰঃ ডিব্ৰুগড় আৰু বঙাইগাঁওত ।

8. যোৰহাট জিলাত থকা বিমান বন্দৰটি কোন ঠাইত অৱস্থিত ?

উত্তৰঃ ৰৰৈয়াত

9. কোনে ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল ?

উত্তৰঃ বি. চি. গাংগুলী।

10. লখিমপুৰ জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

উত্তৰঃ লীলাবাৰীত।

11. ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

উত্তৰঃ মোহনবাৰীত।

12. অসমৰ কামৰূপ জিলাত থকা বিমান বন্দৰটোৰ নাম কি ?

উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।

13. এ. এছ. আৰ. টি. চি. (ASRTC) ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ Assam State Road Transport Corporation.

14. শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল ?

উত্তৰঃ ১৯৬২ চনত।

15. অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল স্টেশন  কোনটো ?

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ ‘জাতিঙ্গা’ত।

16. অসমত কোনে প্ৰথমতে ৰেল যোগাযোগ আৰম্ভ কৰিছিল ?

উত্তৰঃ অসম ৰেলৱে আৰু ব্যৱসায়িক কোম্পানীয়ে।

17. শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত ?

উত্তৰঃ কুম্ভীৰগ্ৰামত

18. অসমৰ মুঠ ঘাইপথৰ দৈর্ঘ  কিমান ?

উত্তৰঃ ২০৪৪ কিলোমিটাৰ।

19. ব্রহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল ?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে (১৯৬২ চনত)।

20. গুৱাহাটী আৰু শ্বিলংৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল ?

উত্তৰঃ ১৮৭৭ চনত।

৫ মে ২০২১ তাৰিখৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ সমূহ বিভিন্ন ধৰণৰ ৱেবচাইটৰ আৰু কিতাপৰ পৰা লোৱা হৈছে, আমি ভাবো এইকেইটা সাধাৰণ জ্ঞানৰ প্রশ্ন আপোনাক বিভিন্ন ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ পৰীক্ষাত সহায় কৰিব।

সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ সমূহ কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি আমাৰ বিষয়ে কিবা feedback থাকে একো সংকোচ নকৰি কমেণ্ট কৰি জনাই দিব।

1 thought on “General knowlegde Quiz Assam – 5 May”

Leave a Comment